~~ বনৰীয়া ফুল ~~ ওভতনি বাটৰ - TopicsExpress



          

~~ বনৰীয়া ফুল ~~ ওভতনি বাটৰ কোলাহলতাত নিষ্ঠুৰভাৱে বাক্-শূন্য মোৰ প্ৰেমাসক্ত সপোন । নিৰ্জনতাৰ বিশাদ গধূৰ নিশা স্মৃতিৰ তপত জুইত দগ্ধ মোৰ জীৱনৰ পুৰণি খোজ । যদি দেখিলাহেঁতেন মোৰ গোপন কোঠালীত তোমাৰ বাবে সজাই ৰখা স্বৰ্গীয় প্ৰেম ! এতিয়াও বিয়পি আছে য’ত পদূলিত নীৰৱে ফুলি থকা খৰিকাজাঁইৰ সুগন্ধী পৰশ । শেৱালীৰ দৰে ফুলিব নোখোজোঁ তোমাৰ সুঠাম হিয়াত, শৰত হেৰালে সুবাস হেৰায় । হয়তু বিচাৰিব খোজো তোমাৰ দুচকুৰ তিৰবিৰণি, জীয়াই থকাৰ হেঁপাহত তোমাৰ বুকু সাৱটি এপাহ বনৰীয়া ফুলৰ দৰে । ------------------------------------------ (টুনমনি বৰদলৈ । ২৫-০৮-১৩)
Posted on: Sun, 25 Aug 2013 15:50:36 +0000

Trending Topics



Recently Viewed Topics




© 2015