আহক আজি ভাৰতীয় চলচ্চিত্ৰ - TopicsExpress



          

আহক আজি ভাৰতীয় চলচ্চিত্ৰ ইতিহাস জানো ভাৰতীয় চলচ্চিত্ৰ উদ্যোগটোৱেই হ’ল বিশ্বৰ ভিতৰত আটাইতকৈ বৃহত উদ্যোগ।অন্য ৰাজ্যবোৰ বাদ দি কেৱল বলিউদেই প্ৰতি বছৰ ৮০০-১০০০ লৈকে চিনেমা নিৰ্মান কৰে। বলিউদৰ ছবি গোটেই বিশ্বযুৰি ৩০০ কোটিমান দৰ্শকে উপভোগ কৰে,যিটো সংখ্যাই হলিউদ ছবিৰ দৰ্শকৰ সংখ্যাক ২০০৪ চনত চেৰ পেলাই বৰ্ত্তমান পৰ্যন্ত টিকি আছে। বহুতে নাজানে যে বলিউদৰ জন্ম হলিউদতকৈ আগতে হৈছিল। এখন চুটি ছবি নিৰ্মানেৰে বলিউদৰ জন্ম হৈছিল ১৮৯৯ চনত.....তাৰ ১১ বছৰ পিচত ১৯১০ চনত হলিউদে জন্ম লাভ কৰিছিল আত্মজীৱনীমূলক মেল’দ্ৰামা এখন ছবিৰ নিৰ্মানেৰে। (১) প্ৰথম ভাৰতীয় সবাক ছবি: ১৯৩১ চনৰ ১৪ মাৰ্চৰ দিনটো আছিল ভাৰতীয় চিনেমা জগতৰ ইতিহাসত এক উল্লেখযোগ্য দিন। সিদিনা ‘ইম্পেৰিয়েল মুভীতন’ৰ উদ্যোগত পূৰ্ণ দৈৰ্ঘৰ প্ৰথম সবাক ছবি ‘আলম আৰা’ক বোম্বাইৰ মেজেছটিক চিনেমাহ’লত মুক্তি দিয়া হৈছিল। যাৰ অৰ্থ হ’ল ‘বিশ্ব-ব্ৰহ্মাণ্ডৰ পোহৰ’। ছবিখন আৰদেছিৰ মাৰৱান ইৰাণিয়ে পৰিচালনা কৰিছিল। ছবিখন একে নামৰ এখন পাৰ্চী সফল নাটকৰ আধাৰত নিৰ্মান কৰা হৈছিল। নাটকখন লিখিছিল জোচেফ ডেভিদে। ইয়াত অভিনয় কৰিছিল নিৰ্বাক কথাছবিৰ দিনৰ বহু বিখ্যাত নায়ক/নায়িকাই.....তেওঁলোক আছিল......পৃথিৰাজ কাপুৰ,এল.ভি.প্ৰসাদ,মাষ্টাৰ ভিথ্থল আৰু জুবেইদা। আলম আৰাত ৭টা গান আছিল। ছবিখন নিৰ্মান কৰিবলৈ ২ মাহ সময় লাগিছিল। সেই সময়ত কোনো চাউণ্ড প্ৰুফ মঞ্চ নথকা স্বত্তেও আলম আৰাই শব্দজগতত সেই সময়ত এক অভিলেখ গঢ়িছিল। শব্দ গ্ৰহণত ইয়াত বহুতো ক’লা-কৌশল লগোৱা হৈছিল। ছবিখনৰ বেচিভাগ দৃশ্য নিশাৰ ভাগত ষ্টুডিঅ’ৰ ভিতৰত লোৱা হৈছিল। (২) ভাৰতীয় চিনেমাৰ প্ৰথম গৰাকী মহিলা সঙ্গীত পৰিচালিকা : জাদান বাই পূৰ্বতে আছিল কলিকতাৰ এগৰাকী জিৱীকাৰ বাবে সংগ্ৰাম কৰি জীয়াই থাকিব লগা হোৱা শিল্পী। ভাৰতৰ বিখ্যাত গায়ক কে.এল. চাইগ’ল চাহাবৰ দৃষ্টিত প্ৰথম তেওঁৰ প্ৰতিভা চকুত পৰে আৰু তেওঁৰ প্ৰেৰণাতে জাদান বায়ে বোম্বাইলৈ আহি গ্ৰাম’ফোন গায়কৰ পৰা এগৰাকী নায়িকালৈ সলনি হ’য়। এই জাদান বাই আছিল বিখ্যাত (স্বৰ্গীয়) নায়িকা নাৰ্গিছৰ মাক, (স্বৰ্গীয়) সুনীল দত্তৰ শাশুয়েক তথা নায়ক সঞ্জয় দত্তৰ আইতাক। জাদান বায়ে ১৯৩৫ চনত ‘তালাছ-এ-হ’ক’ নামেৰে এখন হিন্দী চিনেমা নিৰ্মান কৰে যাৰ সঙ্গীত পৰিচালনা তেখেতে নিজেই কৰিছিল আৰু ইয়েই আছিল কোনো মহিলাই ভাৰতীয় চিনেমাত সৰ্বপ্ৰথম সঙ্গীত পৰিচালিকা হিচাবে কাম কৰাৰ ৰেকৰ্ড। সেই একে বছৰতে তেখেতৰ পিচত ‘স্বৰসত্তী দেৱী’ বোলা এগৰাকীয়েও ‘বম্বে টকিজৰ’ হৈ ‘জাৱানী কি দিৱানী’ বোলা এখন হিন্দী ছবিত সঙ্গীত পৰিচালনা কৰিছিল। জোদান বায়ে কাম কৰা ছবিবোৰ আছিল • ৰাজা গোপীচান্দ (১৯৩৩) • ইন্সান ইয়া চয়তান (১৯৩৩) • প্ৰেম পৰীক্সা (১৯৩৪) • তালাচ-এ-হক (১৯৩৫) • মাদাম ফেচন (১৯৩৬) (৩) আটাইতকৈ ৰেকৰ্ড সংখ্যক গান থকা ছবিখন: মদন থিয়েটাৰৰ ‘ইন্দ্ৰসভা’ বোলা ছবিখনেই আছিল ভাৰতীয় চিনেমা ইতিহাসৰ আটাইতকৈ বেচি গান থকা ছবি। ইয়াত সৰ্বমুঠ ৭১ টা গান আছিল। ১৯৩২ চনত নিৰ্মিত ছবিখনৰ নিৰ্দেশক আছিল জে.জে. মদন। কাহিনী হিচাবে স্বৰ্গৰাজ ইন্দ্ৰৰ দৃষ্টান্তমূলক চৰিত্ৰক দৈৱশক্তিৰ দ্বাৰা পৰীক্ষা কৰোৱা হ’য়। এগৰাকী অপ্সৰাই সাধাৰণ এগৰাকী নাৰীৰ ৰূপত ক্ষমা ভিক্ষা বিচাৰি ইন্দ্ৰৰ ওচৰত প্ৰকট হ’য়। এইখন ছবিৰ কাহিনী লিখিছিল চৈয়দ আগা হাচান আমানতে। ছবিখনৰ গানবোৰ দুগৰাকী গায়ক/গায়িকাই গাইছিল…..তেওঁলোক আছিল মাষ্টাৰ নিছাৰ আৰু জাহানাৰা কাজ্জন। আব্দুল ৰেহমান কাবুলি আৰু মূখতাৰ বেগমে নায়ক/নায়িকা হিচাবে ইয়াতঅভিনয় কৰিছিল। (৪) প্ৰথম ভাৰতীয় ৰঙ্গীন ছবি: ৰঙ্গীন কথাছবিৰ সূত্ৰটো ভাৰতীয় কথাছবিৰ লগত বহু অতীতৰে পৰা জড়িত। ১৯৩৭ চনত আৰডেছিৰ ইৰাণীয়ে প্ৰযোজনা কৰা আৰু মতি.বি.গিদভানীয়ে পৰিচালনা কৰা ‘কৃষ্ণ কানাইয়া’ নামৰ কথাছবি খনেই আছিল ভাৰতীয় চিনেমা ইতিহাসৰ প্ৰথমখন ৰঙ্গীন কথাছবি। ছবিখনৰ মূল কাহিনীটো আছিল এজন সূতখোৰ শোষণকাৰী জমিদাৰ আৰু ৰামু নামৰ এজন নিপুন কৃষকৰ মাজত। ঘটনাৰ পাক-চক্ৰত পৰি ৰামুৰ ওপৰত জমিদাৰৰ হত্যাৰ অভিযোগ অনা হ’য়। ছবিখনত ১০টা গান আছিল, যিবোৰ গান গ্ৰামফোন ৰেকৰ্ডত মুক্তি দিয়া হৈছিল। (বিঃদ্ৰঃ...IMDB লিষ্টত উল্লেখ কৰা মতে ১৯১৮ চনত ‘Cupid Angling’ নামৰ পূৰ্ণ দৈৰ্ঘৰ নিৰ্বাক ইংৰাজী কথাছবি খনেই হ’ল বিশ্ব ইতিহাসৰ প্ৰথম ৰঙ্গীণ কথাছবি) (৫)ভাৰতীয় চিনেমা ইতিহাসৰ আটাইতকৈ দীঘল গানটো: “আব তুম্হাৰে হাৱালে বতন চাথীঅ” একে নামৰ কথাছবি খনৰ এই গানটোৱেই হ’ল বৰ্ত্তমানলৈকে ভাৰতীয় চিনেমাৰ আটাইতকৈ দীঘল গান। গানটোৰ দৈৰ্ঘ ২০ মিনিট আৰু ছবিখনত ইয়াক তিনটা পৰ্যায়ত গোৱা হ’য়। চমিৰে লিখা, অন্নু মাল্লিকে সঙ্গীত পৰিচালনা কৰা এই গানটো গাইছিল চনু নিগম,উদ্দিত নাৰায়ন আৰু কৈলাচ খেৰে। চিনেমাখনৰ মূল কাহিনীটো আছিল সন্ত্ৰাস বাদীৰ বিৰুদ্ধে দেশপ্ৰেম শক্তিৰ বিজয়। (৬)ভাৰতীয় চলচ্ছিত্ৰ ইতিহাসৰ আটাইতকৈ দীঘল ছবি: ভাৰতীয় চলচ্ছিত্ৰ ইতিহাসৰ ‘L.O.C:কাৰ্গিল’ নামৰ চিনেমাখনেই আছিল আটাইতকৈ দীঘল চিনেমা। মুঠ সময় ৪ ঘন্টা ২৫ মিনিট। কাহিনীটো আছিল কৰগিলত যূদ্ধ কৰিবলৈ যোৱা কিছুমান ভাৰতীয় সেনাৰ ওপৰত ৰচিত, যি সকলক পৰিয়ালে এটা বিচ্ছেদৰ বেদনাৰে ৰোমন্থন কৰিছিল। তাৰ পিচতে স্থান হ’ল মেৰা নাম জক্কৰৰ.....মুঠ দৈৰ্ঘ ৪ঘন্টা ১৪ মিনিট। (৭) ভাৰতীয় চলচ্ছিত্ৰলৈ প্ৰথম অস্কাৰ বটাঁ: ভানু আথাইয়াৰ এই সন্মানৰ গৰাকী হোৱাৰ সৌভাগ্য হ’য়। ১৯৮২ চনত ৰিচাৰ্ড এটেনব’ৰোয়ে মহাত্মা গান্ধীৰ জীৱন গাথাঁৰ ওপৰত নিৰ্মান কৰা ‘গান্ধী’ নামৰ চিনেমাখনৰ Costume Designer হিচাবে তেওঁ এই বটাঁ লাভ কৰে। ভানু আথাইয়াই ৫০ বছৰতকৈও অধিক কাল হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত হৈ আছে।তেওঁ মহাৰাষ্ট্ৰৰ কোল্হাপুৰত ভানুমতী আন্নাচাহিব ৰাজপাধি নামেৰে জন্ম গ্ৰহণ কৰে আৰু সতেন্দ্ৰ আথাইয়া নামৰ এজন বিখ্যাত..... একেধাৰে কবি ও হিন্দী চিনেমাৰ গীতিকাৰৰ সৈতে বিয়াত বহে। ভানু আথাইয়াই কাম কৰা কেইখনমান উল্লেখযোগ্য ছবি হ’ল: স্বদেশ (২০০৪), লাগান(২০০১), ১৯৪২ এ ল’ভ ষ্টৰী (১৯৯৪), কৰ্জ (১৯৮০) । (৮) চিনেমা ঘৰত আটাইতকৈ বেচিদিন চ’লা কথাছবি: ভাৰতীয় চলচ্ছিত্ৰ ইতিহাসত ‘দিলৱালে দুল্হনীয়া লে জায়েঙ্গে’ নামৰ চিনেমাখনেই হ’ল কোনো চিনেমা ঘৰত একেৰাহে আটাইতকৈ বেচিদিন ধৰি চলা কথাছবি। মুম্বাইৰ মিনাৰ্ভা ছবিঘৰত ই একেৰাহে ৭০০ সপ্তাহতকৈও অধিক দিন ধৰি চলিছিল। ছবিখন দেশৰ ছবিঘৰত ১৯৯৫ চনৰ ২০ অক্টোবৰত মূক্তি দিয়া হৈছিল। নিৰ্দেশক আছিল অদিত্য চোপৰা.....অভিনয় কৰিছিল: চাহৰুখ খান,কাজল,অমৰীশ পুৰি আদিয়ে। দেশত ছবিখনৰ পৰা উপাৰ্জন হৈছিল ৫৮ কোটি টকা আৰু বিদেশৰ পৰা আমদানি হৈছিল ১৭.৫ কোটি টকা। এইখন ছবি ১৯৯৫ চনৰ আটাইতকৈ বক্স অফিচ হিট ছবি আছিল। দ্বিতীয়খন আটাইতকৈ বেচিদিন ধৰি চ’লা আছিল ‘শ্বোলে’ নামৰ কথাছবিখন। *******
Posted on: Sat, 15 Nov 2014 13:34:59 +0000

Trending Topics



Recently Viewed Topics




© 2015