এজন ১২ বছৰৰ লৰা - TopicsExpress



          

এজন ১২ বছৰৰ লৰা এদিন ৰাস্তাৰে গৈ আছিল।। হঠাৎ সি দেখিলে মাটিত এখন ছবি পৰি আছে।। ছবিখন মাটিৰ পৰা তুলি দেখিলে এটি সৰু ছোৱালীৰ ছবি। ছবিখন প্রথম দেখিয়েই লৰাজনে ছবিৰ সেই ছোৱালীজনীক ভাল পাই পেলালে ।। ওচৰে পাজৰে বহুত বিচৰাৰ চেষ্টা কৰিলে কিন্তু নাপালে । লৰাজন লাহে লাহে ডাঙৰ হল আৰু ছোৱালীজনীক বিছৰাৰ আশা বাদ দিলে। কিন্তু সি তাৰ সেই প্রথম ভালপোৱা ছোৱালীজনীৰ ছবিখন খুব যত্ন কৰি ৰাখি থলে।। এদিন তাৰ বিয়া হয়, তাৰ আলমাৰিত তাৰ স্ত্রীয়ে সেই ছবিখন দেখা পাই অবাক হৈ সুধিলে এই ছবিখন কাৰ? লৰাজনে কলে, ছবিখন মই সৰুকালত ৰাস্তাত পাইছিলো। তেতিয়াৰ পৰা ছবিখন মোৰ লগত আছে । কিন্তু তুমি ইমান অবাক হৈ কি কাৰণে সুধিলা ? স্ত্রীয়ে কলে - মোৰ যেতিয়া ৯ বছৰ বয়স আছিল তেতিয়া এই ছবিখন হেৰাইছিল । টেটোন তামুলি
Posted on: Sat, 30 Nov 2013 11:50:45 +0000

Trending Topics



Recently Viewed Topics




© 2015