এহ, মনটো কিবা ভাল লাগি - TopicsExpress



          

এহ, মনটো কিবা ভাল লাগি থকা নাই। তই কাষত নাই বাবেই নেকি ?? ঈশ্বৰক বিশ্বাস কৰ নে? ময়ো কৰো। তেওক দেখা নাই যদিও বিপদ, দুখৰ সময়ত তেওকে স্মৰণ কৰো। গোপনে ভাবো- তেও যি কৰে ভালৰ বাবেই কৰে। হয় জানো কথাটো? তেও ব্যস্ত থাকে মাজে মাজে। দিনটোত কাৰ কি, কিমান যে অনুৰোধ আহে। সেয়ে কিছুমান অনুৰোধ ৰক্ষা কৰিব নোৱাৰে চাগে। তই আৰু মই বহুদিন বহুবাৰ মন্দিৰ গৈছিলো, একেলগে প্ৰাথনা কৰিছিলোঃ- প্ৰভূ আমাৰ মিলনত যাতে বাধা নাহে, পৃথিৱীৰ একো শক্তিয়ে যাতে আমাক পৃথক কৰিব নোৱাৰে। তাৰ পাছতো তেও বাৰু কিয় তোক আতৰাই লৈ গল মোৰ পৰা? ওম বুজিছোঁ, তোৰ মানুহজনেও চাগে তেওক খাটিছিল মোক এজনী সুন্দৰী, ভাল জীৱন সংগিনী দিয়া প্ৰভূ, হয়তো নেদেখাজনে তেখেতৰ অনুৰোধতো আমাতকৈ আগেয়ে শুনা প আৰু সেয়ে তেও তোক নি তেওৰ হাতত গতাই দিলে। অথবা মোৰ কোনোবাখিনিত কিবা খুট ৰৈ গৈছিল, যাৰ বাবে তই মোৰ নহলি। এহ একো নাই। বিছৰা সকলোবোৰ পোৱা যায় জানো! ভগৱানৰ ওপৰত বিশ্বাস হেৰুৱা নাই। তেওক আজিও প্ৰাৰ্থনা কৰোঁ, তোক সদায় কুশলে ৰাখক। তেও যে মোৰ কথাও শুনিলে, সেয়ে আজি তই ইমান সুখী। (সঁচা কথাত মই সুখী নহয় অ। তাৰো এটা কাৰণ আছে মইতো তেওক আজিলৈকে মোক সুখী কৰিব কোৱাই নাছিলো। মানে ভুলটো মোৰেই। হব দে। ভালকে থাক। তোলৈ বহুত মনত পৰে। নাজানো তই কত আছ! ধুনীয়াজনীয়ে হৈ আছ ন? হেঃ হেঃ মিছ ইউ ভেৰী মাছ..)
Posted on: Wed, 13 Nov 2013 16:22:45 +0000

Recently Viewed Topics




© 2015