গণৰাজ্য দিৱস আৰু ধেমাজি - TopicsExpress



          

গণৰাজ্য দিৱস আৰু ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয় - ড° বুলজিৎ বুঢ়াগোহাঁই ---------------------------------------------------------------------------------- ধেমাজি জিলাত এখন অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন হ’ব বুলি অসম চৰকাৰে ঘোষণা কৰা আজি (২৬।০১।২০১৪) চাৰি বছৰ সম্পূৰ্ণ হ’ল। ধেমাজি জিলাবাসীৰ দাবী আৰু অসম তথা দেশ-বিদেশৰ বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্রতিষ্ঠান,সংবাদ মাধ্যমৰ লগতে প্রৱাসী অসমীয়াসকলৰ সমৰ্থনৰ প্রতি সহাঁৰি জনাই ধেমাজি জিলাত এখন অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন হ’ব বুলি ২০১০চনৰ গণৰাজ্য দিৱসৰ ভাষণত অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ে কৰিছিল আৰু অসমৰ মাননীয় মুখ্যমন্ত্রী শ্রীযুত তৰুণ গগৈদেৱে ২০১১চনৰ ২০ফেব্রুৱাৰী তাৰিখে ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ আধাৰশিলা ধেমাজি জিলাৰ বিষ্ণুপুৰ টেকজুৰীত স্থাপন কৰিছিল। কিন্তু ঘোষণা কৰা চাৰি বছৰ সম্পূৰ্ণ হৈ যোৱা পিছতো ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ নিমাৰ্ণ কাৰ্য আৰম্ভ হোৱা নাই । অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে প্রতিশ্রুতি ৰক্ষা কৰি ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ নিমাৰ্ণ কাৰ্য শীঘ্রে আৰম্ভ কৰি সোনকালে পাঠ-দানৰ ব্যৱস্থা গ্রহণ কৰে যেন । লগতে এটা কথা উল্লেখ কৰিব বিছাৰিছোঁ যে অসমৰ চৰকাৰী অভিযান্ত্রিক মহাবিদ্যালয়বোৰত নথকা বিভাগ যেনে – Energy Engineering, Petroleum Engineering, Food Engineering, Agriculture Engineering, Biotechnology ,Fire Engineering, Plastic Engineering, Paper Engineering, Environmental Engineering, Textile Engineering, Earthquake Engineering, Biomedical Engineering, Architectural Engineering, Transport Engineering, Manufacturing Engineering আদিৰ স্নাতক পাঠ্যক্রম যাতে ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ত আৰম্ভ কৰে। এই নতুন বিভাগবোৰ ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ত আৰম্ভ কৰিলে ছাত্র-ছাত্রীসকলে নিজৰ ৰাজ্যতে পঢ়া সুবিধা পাব।
Posted on: Sun, 26 Jan 2014 03:17:03 +0000

Trending Topics



Recently Viewed Topics




© 2015