**তুলনাবিহীন** তোমাক কিহৰ - TopicsExpress



          

**তুলনাবিহীন** তোমাক কিহৰ লগত তুলনা কৰিম ? ভাল পাবা নেকি সাগৰৰ গভীৰতাৰে তোমাক জুখিলে ? নে আকাশৰ বিশাল নীলাভৰ সৈতে তুমি ভাল পাবা । পৃথিৱীৰ প্ৰেমৰ সমস্ত সেউজীয়া আভাৰে তোমাক জুখিব খোঁজো । ওঁহো, ক্ষুধাতুৰ হিয়াই বিচাৰি নাপায় ভাষা কেনেকৈ দিওঁ তোমাৰ শৰত কোমল হৃদয়ৰ বৰ্ণনা । জিঁয়াপাখি হেন তোমাৰ উশাহৰ শব্দত পখিলাইও পাহৰে জীৱনৰ ঠিকনা, সঁচাই তুমি তুলনাবিহীন । --------------------------- (টুনমনি বৰদলৈ)
Posted on: Fri, 13 Sep 2013 12:37:20 +0000

Trending Topics



Recently Viewed Topics




© 2015