নীলা খামৰ চিঠি ©ৰাজু - TopicsExpress



          

নীলা খামৰ চিঠি ©ৰাজু কলিতা মৰমৰ প্ৰিয়া , বহুদিনৰ পিচত তোমালৈ আজি উজাগৰে একলম লিখিবলৈ বহিছো | কেনে আছা বাৰু তুমি ? প্ৰিয়া ,মোৰ ভেকুঁৰে ধৰা আন্ধাৰ কোঠাটোলৈ এতিয়া জোনাক নামিছে | চোতালত অলেখ জোনাকী | পদূলি মুৰত দুপৰ নিশাত সংগোপনে ফুলিছে শুভ্ৰ শেৱালী জোপা | নাৰিকল পাতৰ আগেৰে ওলমি পৰা নিয়ৰ কনা বোৰ ,মোৰ ভগ্ন পজাৰ বাধা নমনাকৈয়ে মজিয়াত পৰিছেহি | এয়া যে আমাৰ একালৰ দুয়োৰে প্ৰিয় ঋতু শৰৎ | তুমি হয়তো পাহৰি গলা সুখৰ কাৰেংঘৰত তলসৰা শেৱালী বুটলা দিনবোৰ | দোকমোকালিতে মোৰ পদুলিত যে তুমি শেৱালী বুটলিছিলা ,আৰু মই যে নিয়ৰ কনা বোৰ তোমাৰ দুগালত চতিয়াই দিছিলো |তোমাৰ বাৰু মনত আছেনে ?তোমাৰ লাজত ৰঙা দুগাল মোৰ বৰ ভাল লাগিছিল |আৰু আজি সেই ভাল লগাই মোক তিলে তিলে শেষ কৰি আহিছে | যন্ত্ৰণাত উচুপি কান্দিছো বহুতো উজাগৰি ৰাতি | তোমাৰ বাৰু মোলৈ এবাৰো মনত নপৰেনে ?তোমাৰ হাতত ধৰি শাৰদীয়া দুৰ্গা পূজা চোৱাৰ সপোন আজি মোৰ নাই |সকলো শেষ হল মোৰ তোমাৰ বাবে | তাহাঁনিৰ সেই দিন বোৰ এতিয়া সপোন সপোনযেন লাগে | প্ৰিয়া ,আৰুনো কি লিখো ?থাকক দিয়া |তোমাক আৰু আমনি নকৰো | সুখেৰে থাকা তুমি | ইতি তোমাৰ এদিনৰ মই
Posted on: Fri, 03 Oct 2014 10:45:45 +0000

Trending Topics



Recently Viewed Topics




© 2015