বৰ্তমানৰ যিসকল লোকে নিজক - TopicsExpress



          

বৰ্তমানৰ যিসকল লোকে নিজক বডো বোলি দাবী কৰে আৰু যিসকলে প্ৰাচীন কামৰুপৰ ৰজা মহিৰংগ দানব , নৰকাসুৰ, বান ভগদত্তক বডো বোলি কব বিচাৰে আৰু যিসকল বডো লোক বৰ্তমান BTAD এলেকাত বসবাস কৰে সেইসকল লোক বড, বট বা বৰ্তমানৰ তিব্বতৰ পৰা অহা একেবাৰেই শেষৰ চাম মানুহ ৷ সুউচ্চ হিমালয় অতিক্ৰমি আজিৰ পৰা অনুমানিক চাৰি হাজাৰ বছৰৰ পূৰ্বৰে পৰা বড বা তিব্বত নামৰ দেশ খনৰ পৰা মানুহৰ প্ৰবজন হৈ আহিছে ৷ চামে চামে অহা এই মানুহ বোৰ প্ৰাচীন কামৰুপত বিভিন্ন জাতিৰ নামেৰে পৰিচিত হৈছে ৷ যেনে বৰাহি ডিমাচা লালুং ৰাভা কছাৰি ইত্যাদি৷ তেওলোকৰ জীৱিকাৰ অবলম্বন আছিল কৃষি ৷পানী কম হোৱা ওখ ঠাইত বডো আৰু আহু ধানৰ খেতি কৰাৰ স্বাৰ্ধত পাহাৰ বা নামনিৰ ঠাইবোৰ অধিকাৰ কৰি নিজৰ নিজৰ শাসন চলাইছিল কমতাপুৰ ৰাজ্য যেতিয়া গৌডৰ তুৰ্কী শাসক সকলৰ আক্ৰমনত দুৰ্বল হৈ আহিছিল তেতিয়া বৰ্তমানৰ বি টি এ ডি অন্ছল ভূঞা সকলে নিজৰ অধীনত ৰাখিবলৈ অপ্ৰান চেষ্টা কৰিও বিফল হৈছিল কেৱল ভূটিয়া সকলৰ উপদ্ৰবৰ বাবে ৷ আগৰ কালত কমতা ৰাজ্যত ৰাজ্যখন বাৰটা খন্দত বিভক্ত কৰি বাৰ জন কায়স্হ প্ৰধানৰ হাতত সেই বোৰ অন্ছলৰ শাসনৰ দায়িত্ব অৰ্পন কৰিছিল ৷ তেওলোকক বাৰ ভূঞা বোলা হৈছিল ৷ বংগ কলিংগতো এই বাৰ ভূঞা ব্যৱস্হা আছিল ৷ ইতিমধ্যেই ভূটানত নিজা ৰাজ্য প্ৰতিষ্ঠা কৰা ভূটীয়া ৰজাই নতুনকৈ অহা মানুহ খিনিক নামনি অন্ছলত বসবাস কৰিবলৈ দি কৰ কাটল দিবলৈ আদেশ দিলে ৷ এইসকলৰ বাবেই সেই অন্ছলৰ ভূঞা জনে আতৰি আহিব লগা হয় কমতাপুৰৰ পতনৰ লগে লগে ৷ পাছত যেতিয়া বিশ্ব সিংহৰ নেতৃত্বত কোচ ৰাজ্য প্ৰতিষ্ঠা হল আৰু নৰনাৰায়নৰ ৰাজত্ব কালতে চিলাৰায়ৰ পুত্ৰই বিদ্ৰোহ কৰে তেতিয়া বিশাল কোচ ৰাজ্যক দুভাগ কৰি কোচবিহাৰ আৰু কোচ হাজো নামেৰে দুখন ৰাজ্য সৃষ্টি কৰে ৷ কোচ হাজোৰ ৰজা আহোম ৰজাৰ আশ্ৰিত হিচাবে সেই অন্ছলটো নিজৰ নিয়ন্ট্ৰণলৈ অনাৰ অপ্ৰান চেষ্টা কৰি বিফল হোৱাত এই অন্ছলটো আহোমৰ বৰফুকনৰ প্ৰত্যক্ষ নিয়ন্ট্ৰনলৈ আনে যদিও ভূটান ৰজাক পচা দিবলৈ বাধ্য হয় ৷ ইয়াৰ সুবাদতে অসমৰ মানুহে ইয়াত বসবাসৰ সুবিধা লাভ কৰে আৰু নিৰাপত্তা অনুভব কৰে ৷ আহোম ৰজাই অসমৰ পৰা বসবাসৰ বাবে যোৱা মানুহখিনিক ভূটান ৰাজক পচা দিয়াৰ পৰা বিৰত ৰাখে ৷ ফলত তাত পচা দিয়া আৰু নিদিয়া দুই শ্ৰেণীৰ প্ৰজাৰ সৃষ্টি হয় ৷ পচা দিয়া সকলক বহতীয়া আৰু নিদিয়া সকলক কোৱা হয় চহৰীয়া ৷ এই বহতীয়া সকলেই বৰ্তমানৰ বডো সকল ৷ আহোম ৰজাৰ পতনৰ পাছত ভূটান ৰাজে এই অন্ছল পুনৰ অধিকাৰ কৰে কিন্তু ইংৰাজে এক যুদ্ধৰ (engo bhutan war) জৰিয়তে পুনৰ অসম প্ৰশাসনৰ নিয়ন্ট্ৰলৈ আনে ৷ এইসকলেই এতিয়া আধুনিক শিক্ষাৰে শিক্ষিত হৈ বডো লেন্দ দাবী কৰে ৷
Posted on: Sat, 20 Dec 2014 05:08:59 +0000

Trending Topics



Recently Viewed Topics




© 2015