ভণ্টী, মোৰ আগত লেবেল - TopicsExpress



          

ভণ্টী, মোৰ আগত লেবেল নিদিবা ******************* মই ধেমাজিৰ ডেকা বুলি তুমি কোৱা মোৰ কপাল ফুটা পিছে তোমাৰহে তলিখন ফুটা, ধেমাজি হ’ব পাৰে বানপানীৰ বাবে বিখ্যাত পিছে তোমালোকৰ মহানগৰৰ দৰে এজাক বৰষুণতে পানীৰ তল যোৱাৰ বাবে নহয় প্ৰখ্যাত, আমাৰ ইয়াত বানপানী হলে মাছ-কাছ খাবলৈ পাই মহানগৰত আবৰ্জনা আৰু লেটিনৰ গো উপঙি থকা ঘোলা পানী দেখিবলৈ পাই, মহানগৰ বাসিন্দা বুলি নিজকলৈ লেবেল নামাৰিবা আমাকো সহজে একোতে হৰূৱাব নোৱাৰিবা, আমাৰ ঘৰৰ পদুলি মুখলৈকে ৰাস্তা-ঘাট পকী পিছে তোমাৰ ঘৰলৈ যোৱা ৰাস্তাটো বনাবলৈ এতিয়াও বহু বাকী, পাহাৰ বগাই বগাই তোমালোকৰ নতুন চেণ্ডল দুদিনতে ক্ষয় যায় আমাৰ পিছে এযোৰ চেণ্ডেলে এবছৰলৈকে যায়, তুমি কলেজৰ পৰা ঘৰগৈ পোৱাগৈ মানে ভাগৰত কুকুৰৰ দৰে জিভাখন বাহিৰলৈওলায় মোৰ পিছে খোজে প্ৰতি বিহু গানৰ কলিহে ওলায়, আমাৰ ঘৰৰ আগলৈকে গাড়ী মটৰ সকলো যায় শুনিছো তোমালোকৰ ঘৰৰ আগলৈকে গাড়ীটো দূৰৰে কথা ৰিক্সা এখনো নাযায়, আমাৰ তাৰ ৰাস্তাবোৰেদি কৰবালৈ গ’লে ফুল-ফলৰ সুমধুৰ গোন্ধ পাবা কিন্তু তোমালোকে ৰাস্তাটো পাৰ হবলৈয়ে বহু পৰ ভাবা, পেট উকট্-পাকট্ কৰা কি যে গেলা গোন্ধ তোমালোকৰ মহানগৰৰ মানুহবোৰ যে অন্ধ, আমাৰ তাত বিয়া পাতিলে ঢোল পেঁপাৰ মাত শুনিবলৈ পাই তোমালোকৰ তাত দিজে নে ফিজেটোৰ হে বান্ধৰৰ দৰে নৃত্য দেখিবলৈ পাই তোমাক এইবোৰ কথা কৈ কিনো হ’ব মোৰ মুখখনহে বিষাব প্ৰকৃত অসম খন তুমিনো কত দেখিছা মহানগৰখনকে অসম বুলি ভাবিছা, প্ৰকৃত অসম আৰু অসমীয়াক চোৱা যদি গাঁওলৈ যাবা তাতে সোণৰ অসম খন দেখিবলৈ পাবা, আৰু নকও দিয়া তোমাৰ চাগৈ লাজেই লাগিছে তোমাৰ ৰঙা পৰা মুখখন দেখি মোৰযে হিয়াখন ভাঙিছে, লাজ নকৰিবা এইবাৰ আঘোণত তোমাক ধেমাজিলৈ লৈ যাম গাঁওৰ ঘৰে ঘৰে হাঁহৰ মাংসৰে ন ভাতখাম । মোৰ তেজত আছে জাতিৰ স্বাভিমান সেয়ে কও বিলাসীতাৰ ঢৌ উটি গৈ মোৰ আগত লেবেল নামাৰিবা হাজাৰ কলেও তুমিও অসমীয়া মইও অসমীয়া ।। ණ অৰূপজ্যোতি সন্দিকৈ
Posted on: Fri, 23 Aug 2013 03:21:59 +0000

Recently Viewed Topics




© 2015