ভূপেন - TopicsExpress



          

ভূপেন হাজৰিকা-গুলজাৰ,ডিলান্- সুমন অনুবাদ বিতৰ্ক আৰু আমাৰ কিছু ক্ব লগীয়া (তৃতীয় খণ্ড্: প্ৰাশ্চাত্য দৰ্শণত সত্যৰ ধাৰণা) আমি আমাৰ দ্বিতীয় খণ্ডটোত Truth ৰ কথা কৈছিলোঁ । এই সত্য কি বস্তু ? তাকে প্ৰথমতে আমাৰ সামৰ্থ্য অনুযায়ী বাখ্যাৰ চেষ্টা কৰোঁ। মানৱজাতিৰ চিন্তাৰ ইতিহাসত,পশ্চিমত Thales of Miletus ৰ দিনৰ পৰা আৰু প্ৰাচ্যত আৰু বিশেষকৈ ভাৰতবৰ্ষত সম্ভৱত: ঋগবেদ বা তাৰ আগৰ পৰা বিভিন্ন চিন্তাবিদে, কবি,দাৰ্শনিকে বিশ্ব ব্ৰহ্মাণ্ডক বুজিবৰ বাবে, মৃত্যুক বুজিবৰ বাবে, মানুহৰ দুখ-দুৰ্দশা কম কৰিবৰ বাবে চেষ্টা চলাই আহিছে । এই বিশ্বৰ অৰ্থ কি, জীৱনৰ অৰ্থ কি, মৃত্যুৰ অৰ্থ কি, sufferings কিয় হয় এই ধৰণৰ কথা বুজাৰ, উপলব্ধি কৰাৰ বাবে যি প্ৰচেষ্টা মানৱজাতিয়ে কৰি আহিছে,তাকে এক প্ৰকাৰে আমি Pursuing of Truth বুলি ক’ব পাৰোঁ । এই Truth বিচাৰিব গৈ মানুহৰ মনত উদয় হৈছে প্ৰশ্নৰ সেয়া হৈছে, Reality মানে কি । এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কিছুমানে কৈছে Nothing is real and reality cannot be known- এক প্ৰকাৰৰ মায়াবাদ । আন কিছুৱে কৈছে What we see is real and there is nothing beyond it | এই চিন্তাৰ দিশতে আহে If we know the reality, then can it be changed ? Existentialist, absurdist যেনে Camus আদিৰ দিশৰ চিন্তাই ক’লে We cannot change it, or rather we cannot know it (The Myth of Sisyphus- Albert Camus) | আকৌ আনটো চিন্তাৰ দিশত আহিল Hegel, Marx আদি । ‘Turning Hegel in his head’ Marx এ ক’লে – It can be changed. “The philosophers have only interpreted the world, in various ways; the point is to change it.”- Marx , Feuerbach https://marxists.org/archive/marx/works/1845/theses/theses.htm (Feuerbach সম্পাদনা কৰিছিল Engels এ । আমাৰ সন্দেহ আছে যে Marx এ হয়টো বুজাইছিল- philosophers MAY have only interpreted the world | সন্দেহটো কিয় আছে,সেই কথা পিছৰ প্ৰসংগত বাখ্যা কৰিম ) আকৌ বিংশ শতাব্দীত ওলাল Wittgenstein, Derrida আদি । ওলাল Philosophy of Language | তেওঁলোকে Language ৰ Authenticity কে প্ৰশ্ন কৰিলে । তেওঁলোকে ক’লে আমি যি ভাষাত ভাবো,কথা কওঁ,পৃথিৱীখন বুজাৰ চেষ্টা কৰোঁ, সেই ভাষাও চাগে আনকি not sufficient to describe reality |ভাষা হৈ পৰিল Nothing but word game | আৰু শব্দৰ লগত শব্দই বুজোৱা অৰ্থৰো কোনো Logical সম্বন্ধ নাই । আনকি আমাৰ feelings ও অৰ্থহীন অথবা constructed or incommunicable | ভাষাৰ লগত Cognition ৰ সম্পৰ্ক লৈ চিন্তা-চৰ্চা আৰম্ভ হ’ল । আৰম্ভ হ’ল Psycho-analysis | আনফালে আকৌ Wittgenstein এ ঘোষণা কৰিলে “There is no truth beyond mathematical reality” | তেওঁ ঘোষণা কৰিলে “Impossibility of language” । তাৰ পিছত তেওঁ ক’লে “Whereof one cannot speak, thereof one must be silent.”(Wittgenstein-Tractatus Logico-Philosophicus, Philosophical Investigations) এই দুটা Extremeৰ মাজতে Heidegger আদিয়ে ক’লে- There is a reality and we have to REALIZE it, personally | চিন্তাৰ এই মধ্যৱৰ্তী ধাৰাটোতো Martin Buber, Simone Weil আদি বহু চিন্তাবিদ ওলাল । পাঠকে নিশ্চয় বুজিব পাৰিছে এই মধ্যৱৰ্তী ধাৰাটো বহুত subtle আৰু অন্তৰ্ভেদী । মহত্ সাহিত্যৰ ধাৰাটোৰ কবিসকলে এই মধ্যৱৰ্তী ধাৰাটোকে তেওঁলোকৰ সৃষ্টিৰ মাজেদি দেখুৱালে । তেওঁলোকেই পৃথিৱীখনক Mystery ৰ sense এটাৰে চোৱাক কথা ক’লে । কিছুদিন আগতে Bunuel ৰ Cinema, Instrument of Poetry (1953) শীৰ্ষক প্ৰৱন্ধ এটা পঢ়ি আছিলোঁ (The European cinema Reader, Ed. By- Catherine Fowler) | তাতো দেখিলো, তেওঁ সেই সময়ৰ কিছু চিনেমাক সমালোচনা কৰিছে lacking mystery বুলি – “Mystery, the essential element of every work of art, is in general lacking in films. Authors, directors and producers are at pains not to disturb our peace, by leaving the window on to the liberating world of poetry tightly closed.... The reality of neo-realism is incomplete, official and above all rational; but poetry, mystery, all that completes and enlarges tangible reality, is completely lacking in its working.” ডিলানৰ ‘Blowin in the Wind’ এই ধৰণৰ Mystery ৰে প্ৰকাশ আৰু সেয়ে তাৰ অন্তৰ্নিহিত দৰ্শণো Spiritual | ইমান বাখ্যালৈ নোযোৱাকৈও সাধাৰণ পৰ্যায়ত অনুভূতিশীল মানুহে দৈনন্দিন জীৱনতে এই Mystery, ৰাধাকৃষ্ণনৰ ভাষাত এক ধৰণৰ ‘Haunting Beyond’ অনুভৱ কৰিব পাৰে । কলাৰ সৃষ্টিৰ লগত জড়িত, কবিতাৰ সৃষ্টিৰ লগত জড়িত লোকসকল সাধাৰনতে সূক্ষ্ম অনুভূতিপ্ৰৱণ । সেয়ে নিজৰ অনুভূতিৰ প্ৰগাঢ়তাৰ কম-বেছিৰ পৰিমাণে এই লোক সকলে Mystery ৰ যোগেদি কম বেছি পৰিমাণে সেই truth,সেই haunting beyond ৰ কাষ চাপি যাব পাৰে । সেইবাবেই সমালোচনাতকৈ,সৃষ্টিশীলতাৰ গুৰুত্ব অধিক । আৰু সেয়ে সৃষ্টিশীলতা অবিহণে জীৱন অনৰ্থক যেন লগা হয় আৰু জীৱনৰ গভীৰতাৰো উমান পাব নোৱাৰা অৱস্থা হয় । মানুহ অশান্তিত ভুগে । সেই কাৰনে ভাৰতীয় দৰ্শণৰ শংকৰাচাৰ্যৰ মায়াবাদতকৈ,ৰামানুচাৰ্যৰ দৰ্শণৰ গুৰুত্ব অধিক । মাৰ্ক্সবাদৰ গভীৰ পৰ্যায়ত, কোনখিনিত এই সৃষ্টিশীলতা সোমাই আছে অলপ অচৰপ তাক আমি পিছৰ পৰ্যায়ত দেখুৱাম । Truth ৰ চৰিত্ৰ উপনিষদৰ মতে চৰিত্ৰ সংশোধনকাৰী (অতি সাধাৰণীকৰণ কৰি কৈছো, তাৰ মানে Moral-policing নহয় ।) Aristotle, Plato আদিৰ মতে truth ৰ চৰিত্ৰ Cathartic । কলা সৃষ্টিৰ লগত জড়িত সকলে কেতিয়াবা দেখাকৈ ৰাজনৈতিক দৃষ্টিকোন এটাক উত্স হিচাপে লয় তেওঁলোকৰ সৃষ্টিৰ প্ৰকাশৰ মাধ্যম হিচাপে আৰু কেতিয়াবা নলয় । কিছুমানে লয় Heidegger আদিৰ দৰে মধ্যম পন্থা । কিন্তু মাধ্যম নিৰ্বিশেষে Truth ৰ সন্ধান কৰাৰ যাত্ৰাটো কিন্তু কলা সৃষ্টিকাৰ সকলৰ মাজত থাকে প্ৰায় Innocent ধৰণে । মানৱ সেয়ে চিৰশিশু । কিন্তু তেওঁলোকৰ সত্য সন্ধানী সত্ত্বাতোক যদি কোনোবাই জোৰ কৰি politicized কৰিব বিচাৰে,তেন্তে সেয়া হ’ব অন্যায় । আনহাতে Politicized Truth ৰ কিছু সীমাবদ্ধতা থাকে । এই কথাটোকে Martin Buber এ কৈছে এইদৰে – “The truth, on the other hand, has become questionable through being politicized. The sociological doctrine of the age has exercised a relativizing effect, heavy with consequences, on the concept of truth, in that it has, in the dependence of the thought process on social processes, proved this connection of thought with existence. This relativization was justified in that it bound the truth of a man to his conditioning reality. (Truth ক এইদৰে Relativizing নকৰা কাৰণে ৰাধাকৃষ্ণনে লিখিছিল- The outer defeats and failure do not touch the inner meaning of life- Radhakrishnan,প্ৰৱন্ধ The Spirit in Man, An Idealist View of life) But its justification was perverted into the opposite when its authors omitted to draw the basic line between what can and what cannot be understood as conditioned in this way. That is, they did not comprehend the person in his total reality, wooing the truth and wrestling for it.” – Martin Buber, Between Man and Man, p.106 আমাৰ তৰল পৰ্যায়ৰ বাওঁপন্থীসকলে এই relativization কৰিয়েই ক্ষান্ত থকা নাই । বৰং তাক polemics ৰ পৰ্যায়লৈ নি এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে যে, তেওঁলোকৰ বাখ্যা, বিশ্লেষণৰ ভাষা হে মাৰ্ক্সবাদী । চিন্তাৰ ধৰণ, sentiment আৰু spirit কিন্তু পূৰাই ব্ৰাহ্মণ্যবাদী হৈ এক নব্য-ব্ৰাহ্মণ্যবাদৰে সৃষ্টি কৰিছে । সেয়ে তেওঁলোকে Intellectual plurality কো সহজভাৱে ল’ব নোৱাৰে । Truth ৰ লগত reality ৰ সম্বন্ধৰ কথা আগতে উল্লেখ কৰিছোৱেই । এই reality ৰ প্ৰশ্নটো West ত আজিও সমাধানবিহীন । এই দিশত ভিন ভিন বাখ্যা আৰু চিন্তাই সহাৱস্থান কৰি আছে । ভাৰততো উপনিষদীয় চিন্তাত Heidegger আদিৰ ধাৰাৰ মধ্যমপন্থী চিন্তাৰ মিল পোৱা যায় । There the eyes go not Speech goes not, nor the mind We know not, we understand not How would one teach it. - Kena Upanishad Whats soundless, touchless, formless, imperishable, likewise tasteless, constant, colourless, without beginning, without end, higher than the great, stable -Katha Upanishad Wittgenstein ৰ Mathematical Reality ৰ কথা আগতে কৈছোৱেই । সেইদিশতে চিন্তা কৰি আমি এসময়ত Scientific Reality এটাৰ কথাও ভাৱিছিলোঁ । আমাৰ ‘What is Reality, really?’ (বছৰ- 2012) শীৰ্ষক এটা প্ৰৱন্ধত এই বিষয়ে অলপ চিন্তা-চৰ্চা কৰিছিলোঁ । আমাৰ ৰছনাখন শেষ কৰিছিলোঁ এই বুলি- So, what I believe is that in order to understand the absolute reality, well need a whole new approach of observation. This approach may be the mystical ways given by the eastern philosophers, since the eastern philosophy and mysticism is based on direct insights into the nature of this absolute reality. And if we expect to have the insight to the absolute reality through science then what well need a whole new level or approach of science, in which (the new science) well see the relations between all the four fundamental forces of nature making the explanations of various unsolved mysteries easier. May be we will find another ground breaking theory such as the theory of relativity, more fundamental, more subtle which will bring the absolute reality closer to us. Or maybe the only attainable way of this absolute is the ways given be The Geeta or the other holy books and scriptures of different mysticism of different civilizations. So, the problem of believing the ways or developing the new science is left to us. এসময়ত ভাৱিছিলোঁ পদাৰ্থ বিজ্ঞানৰ দিশতে গভীৰ ভাৱে পঢ়া শুনা কৰিম, আৰু এই Developing a New Science ৰ দিশত Theoretical Framework এটাৰ সম্ভাৱনাৰ বিষয়ে গৱেষণা কৰিম । পিছে পৰৱৰ্তী সময়ত আমাৰ আকৰ্ষণে Social Science ৰ দিশলৈ গতি কৰিলে । জীৱনটো বহু চুটি । মনে বিছৰা বহু সত্যৰে সাধনা এটা জীৱনত সম্ভৱ হৈ নুঠে । গতিকে আমিও এই বিষয়টো ভাৱী কালৰ পদাৰ্থবিদ সকললৈ এৰিলোঁ । (ক্ৰমশ: )
Posted on: Sun, 02 Nov 2014 17:41:02 +0000

Trending Topics



Recently Viewed Topics




© 2015