শাওণ মানেই যেন ইজাকৰ - TopicsExpress



          

শাওণ মানেই যেন ইজাকৰ পাছত সিজাক বৰষুণ..প্ৰকৃতিৰ এই অপৰুপ সংযোজনে এক বর্ণিল সৌন্দর্যৰ সমাহাৰ ঘটাইছে।কৃষিজীৱী অসমীয়াৰো এতিয়া তল মুৰ ওপৰ কৰিব নোৱাৰা ব্যস্ততা।কাৰণ এতিয়া খেতিৰ ভৰপক সময়!শকত কলাফুলৰ যুৱতী বোৱাৰীৰ পথাৰত থকাৰ সময়,মাটি ৰোৱাৰ সময়!গাঁৱৰ ডেকাচামৰো নাই আহৰি পথাৰত কঠিয়া পেলোৱা,ৰোৱনীক কঠিয়া বোলাই দিয়া ,হাল বোৱা,মৈ দিয়া এইবিলাক ব্যস্ততা।ঘৰৰ কণমাণি টোৰো নাই আহৰি কাৰণ ৰোৱনী হালোৱাৰ জলপানৰ বাতিটো যে সিহতৰে নিয়াৰ পাল!এইকেইদিন পথাৰ খল দেখিলেই ভাল লাগে চৌদিশে মাথোঁ ব্যস্ততা,প্ৰকৃতিৰ ধুনীয়া সৌন্দর্যখিনি ও যেন ইয়াতহে উপভোগ কৰিব পাৰি!শাওণ তোমাৰ তুলনা নাই তোমাৰ প্ৰেমত ময় বাৰুকৈয়ে মুগ্ধ!
Posted on: Tue, 30 Jul 2013 01:50:08 +0000

Trending Topics



Recently Viewed Topics




© 2015