শিয়াল এটাই আৰামত জংঘলত - TopicsExpress



          

শিয়াল এটাই আৰামত জংঘলত শুই আছিল । এনেতে সি দেখিলে সিংহ এটা তাৰ ফালে আহি আছে । ভয়তে তাৰ প্ৰান বায়ু উৰি যাওঁ যাওঁ হল ,চকুদুটা মুজি দি কলে হে প্ৰভু আজি ৰক্ষা কৰা সিংহৰ হাতৰ পৰা । হঠাত্‍ শিয়ালৰ মনত এটা বুদ্ধি খেলালে সি সিংহৰ পিনে পিঠি দি সিংহ অহালৈ অপেক্ষা কৰি থাকিল আৰু যেতিয়া সিংহ আহি ওচৰ পালে সি কলেঃ ধেত্‍ চালা আজি এটা সিংহওঁ খাব নাপালো । সিংহই ভাৱিলে এইটো কিবা বেলেগ জন্তু আহিল ,সি ভয়তে আতৰি গল । এই ঘটনাটো বান্দৰ এটাই চাই আছিল ,সি গৈ সিংহক সকলো কথা কলে ।সিংহই আকৌ উভতি আহিব ধৰিলে শিয়ালৰ ওচৰলৈ । এতিয়া শিয়ালে কি কৰিব ?? শিয়ালটোৱে আকৌ সিংহৰ পিনে পিঠি দিলে ,যেতিয়া সিংহ কাষ পালে তেতিয়া কলেঃ এই মূর্খ বান্দৰটোক ৰাতিপুৱাতে পঠালো বুদ্ধি কৰি সিংহ এটা আনিবলৈ ,নাই তাৰো খবৰে নাই । টেটোন তামুলি
Posted on: Sat, 21 Sep 2013 05:01:38 +0000

Trending Topics



Recently Viewed Topics




© 2015