• শেৱালিৰ দৰেই সুৱাস অ - TopicsExpress



          

• শেৱালিৰ দৰেই সুৱাস অ তোৰ দেহৰ • ණ সপোন জ্যোতিপল _______________________ আস্‌ ... তই কাষত থাকিলে এনে লাগে যেন মই জয় কৰিলো কোনো দুৰ্জেয় বাসনা, এনে লাগে যেন মই অৰ্জন কৰিলো সকলোবোৰ স্বৰ্গীয় সুখ ; এনে লাগে যেন মই বাস কৰিছো অমীয়া সুখৰ কোনো উপবনত । অ তোৰ বুকুৰ উপত্যকাত মূৰ গুজি ঢৌ খেলা চুলিটাৰীৰ মেঘালী মেঘালী সুগন্ধত ডুবি, দুচকুৰ মায়াসনা সাগৰত সাঁতুৰি-নাদুৰি মই নিজকে বিচাৰি চাঁও তোৰ মৰমত হেৰাই যাঁও । শেৱালিৰ দৰেই সুৱাস অ তোৰ দেহৰ নিয়ৰসনা মোৰ বুকুৰ চোতালত লবিদেই তই আশ্ৰয়, পুৱতি নিশা জুৰি ফুলি ৰবি মোৰ ফুলনিৰ শেৱালি হৈ আৰু মই শৰৎ হম চিৰদিন তোৰ প্ৰেমিক শৰৎ ।
Posted on: Wed, 09 Oct 2013 14:31:06 +0000

Trending Topics



ft:0px; min-height:30px;"> Diary session 2 Dec 2014 #BBHotshots Biggie started of asking
Jennifer Lopez, balik-American Idol Malapit na ngang maa­yos ang
Womens Piel Leather Multi-Pocket Satchel 3016 Saddle

Recently Viewed Topics




© 2015