শৰ্মা চাৰৰ ফাদিল হোৱা - TopicsExpress



          

শৰ্মা চাৰৰ ফাদিল হোৱা গোপন নীতি আজিকালি ৰাতি কিছু ঠান্ডা পৰা হৈছে । আৰু কিছুদিন পিছত শীতকালি আহিব । এইকেইদিনত চাৰে চাবোন চেম্পু ফেচৱাচ ইত্যাদি দীঘলীয়া expire date থকা কিনিব যাতে শীতৰ দিন কেইটাত ব্যৱহাৰ নকৰি ভালকৈ থৈ দি অহা গৰমৰ দিনত ব্যৱহাৰ কৰিব পাৰিব । ইয়াৰ জৰিয়তে চাৰৰ অৰ্থনৈতিক দিশ সবল হয় । গা ধোৱা মগ বাল্টি ইত্যাদি চাৰে সুন্দৰকৈ চাফ চিকুন কৰি থৈ দিব । কাৰণ দীৰ্ঘ দিন ব্যৱহাৰ নকৰি যত তত থৈ দিলে তাত শেলুৱৈ ময়লা লাগিব পাৰে ।সদায় গা ধোৱা কোনো ব্যক্তি শীতৰ দিনত আলহী হৈ আহিলে তেখেত এই চাফা বাল্টি মগ আগবঢ়াই দি শৰ্মা চাৰ গৌৰৱৰ অধিকাৰী হয় । ভগৱানৰ বহুত ভক্ত আছে যি সুন্দৰকৈ গা ধুই পূজা কৰে । এই ত্ৰিলোকত হয়তো এজনেই ভক্ত আছে যি শীত কালি কেতিয়াবা এৰাব নোৱাৰা অৱস্থাত গা ধুবৰ বাবে সাহস আৰু শক্তি বিচাৰি ভগৱানক পূজা কৰে । শীত কালি চাৰক বিয়া বাৰ্থ ডে ইত্যাদি ত মাতিলে বেয়া নাপায় ।body spray মাৰি যায় । পূজা সকাম ইত্যাদি ত অলপ সংকোচ কৰে । গতিকে মন কৰিব যেতিয়া চাৰক নিমন্ত্ৰণ কৰে । সদৌ শেষত আগন্তুক শীত কালি এবং পানী বিসৰ্জন কাৰ্যসূচীৰ আগতীয়া শুভকামনাৰে শৰ্মা চাৰ
Posted on: Sat, 16 Aug 2014 08:51:26 +0000

Trending Topics



Recently Viewed Topics




© 2015